ডিজিটেল ডেস্ক : আই পি এলৰ পূৰ্বে আহিল এক দুখৰ খবৰ । এক হৃদয়বিদাৰক ঘটনাই জোঁকাৰি গ'ল আফগানিস্তানৰ ক্ৰিকেটৰ দলটোক। মাত্ৰ ২ বছৰীয়া কন্যা সন্তানক হেৰুৱালে আফগানিস্তানৰ তাৰকা ক্ৰিকেটাৰ হজৰতুল্লা জাজাইয়ে। এই ঘটনাই এতিয়া আফগানিস্তানৰ ক্ৰিকেটত এক শোকৰ ছাঁ পেলাইছে।
উল্লেখযোগ্য যে কন্যাৰ মৃত্যুৰ খবৰ নিজে জনোৱা নাছিল আফগান ক্ৰিকেটাৰগৰাকীয়ে। আফগান ক্ৰিকেটাৰগৰাকীক ছচিয়েল মিডিয়াত সমবেদনা জনায় জানাতে। তাৰ পিছতে এই মৰ্মান্তিক ঘটনাৰ বিষয়ে সকলোৱে অৱগত হয়। লগতে এই ঘটনাত শোক প্ৰকাশ কৰিছে আফগানিস্তান দলৰ অন্যান্য ক্ৰিকেটাৰসকলেও । চেম্পিয়নছ ট্ৰফী খেলি ঘৰলৈ উভতিছিলহে আফগানিস্তান ক্ৰিকেট দলটো। তেনে সময়তে অহা এই খবৰে এক শোকৰ বন্যা বোৱাইছে ক্ৰিকেটৰ দলটোৰ মাজত।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment